Kalika prasad autobiography in bengali bandemataram

  • Kalika prasad autobiography in bengali bandemataram
  • Kalika prasad autobiography in bengali bandemataram video...

    কালিকাপ্ৰসাদ ভট্টাচাৰ্য

    কালিকাপ্ৰসাদ ভট্টাচাৰ্য ( ১১ ছেপ্টেম্বৰ ১৯৭০ – ৭ মাৰ্চ ২০১৭ ) এজন ভাৰতীয় বাঙালী লোকসঙ্গীত শিল্পী আৰু লোকসংগীতৰ গৱেষক। তেওঁৰ জন্ম অসমৰশিলচৰত। যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰিছিল। তেওঁৰ সংগীত-চৰ্চাৰ প্ৰেৰণা আছিল তেওঁৰ খুড়াক অনন্ত ভট্টাচাৰ্য। ১৯৯৯ চনত তেওঁ উত্তৰবঙ্গ আৰু পূৰ্ববঙ্গৰ পল্লীগান আৰু লোকসঙ্গীতৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে লোকসংগীতৰ দল দোহাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহযোগী প্ৰতিষ্ঠাপক হয়।

    তেওঁ দেশ-বিদেশত অসম আৰু উত্তৰ-পূব ভাৰতৰ চিলেটী গীত, বিহু, বাউল, কামৰূপী, ভাৱাইয়া গীত পৰিৱেশন কৰিছিল। তেওঁ কেইবাখনো চলচ্চিত্ৰৰ গীততো অৰিহণা আগ বঢ়াই গৈছে‍। তেওঁৰ অন্তিমখন চলচ্চিত্ৰ আছিল ভুৱন মাঝি (২০১৭)।

    শৈশৱকাল

    [সম্পাদনা কৰক]

    অসমৰ শিলচৰত থকা ভট্টাচাৰ্যৰ ঘৰখনেই আছিল তেওঁৰ সংগীত জীৱনৰ প্ৰাথমিক আধাৰ। ছন্দ আৰু সুৰৰ মাজতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তবলা বজাই সংগীত জগতত তেওঁ প্ৰৱেশ কৰে আৰু ক্ৰমান্বয়ে‍ আন আন বাদ্যযন্ত্ৰ বজাবলৈ শিকে‍। তেওঁ কণ্ঠ সংগীতৰো প্ৰশিক্ষণ দিছিল। সংগীত আছিল তেওঁৰ গভীৰ আগ্ৰহৰ বিষয়; অৱশেষত তেওঁ উত্তৰবঙ্গ আৰু উত্তৰ-পূব ভ